Get Mystery Box with random crypto!

Assamese Quotes / Assamese Joke / Assamese Meme / Assamese Film /Assamese Movie - Jonak Axom

टेलीग्राम चैनल का लोगो jonakaxom — Assamese Quotes / Assamese Joke / Assamese Meme / Assamese Film /Assamese Movie - Jonak Axom A
टेलीग्राम चैनल का लोगो jonakaxom — Assamese Quotes / Assamese Joke / Assamese Meme / Assamese Film /Assamese Movie - Jonak Axom
चैनल का पता: @jonakaxom
श्रेणियाँ: समाचार
भाषा: हिंदी
ग्राहकों: 313
चैनल से विवरण

Best Assamese Quote, Assamese Status, Story, And News. JonaKaxom is one of the Assamese Best Website Blog In Assam
Assamese Quotes / Assamese Joke / Assamese Meme / Assamese Film /Assamese Film - Jonak Axom
Website www.jonakaxom.in

Ratings & Reviews

3.00

2 reviews

Reviews can be left only by registered users. All reviews are moderated by admins.

5 stars

0

4 stars

1

3 stars

0

2 stars

1

1 stars

0


नवीनतम संदेश 2

2021-06-29 10:48:41 ছোৱালীজনীয়ে সদায়েই সপোন দেখে অথচ তাইৰ কিছুমান সপোন আজিলৈ বাস্তৱ নহল।তাই চুপচাপ থাকে, তাৰ পিছতো আশেপাশে থাকা মানুহবোৰে অদ্ভুতভাবে ছোৱালীজনীৰ বিষয়ে কথা কয় .....

জাকজমকতাৰে পূৰ্ণ কমিউনিটি হলত লৰাটোৱেও নিজৰ স্মার্টনেছ প্রকাশ কৰিব নোৱাৰে বাবে, ইমানবোৰ স্মার্ট মানুহৰ সমুখত নিজকে সকলোতকৈ অসহায় মানুহ যেন লাগে ....

কথা বোৰ কাকো সঠিকভাৱে প্ৰকাশ কৰিব নোৱাৰে, মুখেৰে যি আহে কৈ দিয়ে আৰু লাহে লাহে সকলোৰে পৰা অপমানিত হয় .....

মই খুব যত্ন কৰি অপমানত লুকাই থোৱা চকুযুৰিলৈ চাওঁ ..... কি যে হিমশীতল সেই চকুযুৰি .... নাজানো কিয় জানিও নিজকে লুকুৱাই থবলৈ কৰা ব্যস্ততা সেই চকুযুৰিত ....!! 

তাইৰ সৈতে ইচ্ছা কৰিয়েই মই অবুজ হৈয়েই কথা পাতো .... ছোৱালী জনীয়ে হাহেঁ , চকুৰ ভিতৰৰ পৰা লজ্জাবোধ সৰি পৰে .... হিমশীতল ভাবটো লাহে লাহে শাম কাটে ....!!

আচলতে মানুহে সপোন দেখিব জানে , সপোনত মানুহে ৰজাৰ দৰে নিজকে ভাবিব পাৰে .... পকেট শূন্য হৈ থকা লৰাজনেও ভাবে, এদিন মোৰ বহুত টকা হব, সেই টকা মই ইচ্ছামতে খৰচ কৰিম বা ছোৱালীজনীৰো ইপিনে নিজে কিবা এটা কৰাৰ স্বপ্ন, ..... 

কমিউনিটি হলত বহি থকা আনস্মার্ট মানুহজন বা মানুহজনীয়ে ভাবে, এদিন মইও স্মার্ট হম , এদিন মইও কেমেৰাৰ সমুখত থিয় দিম ....!!

অথচ সিহঁতৰ ভাবনা, কল্পনাতে সীমাবদ্ধ থাকে ......মোৰ ভাল লাগে এই মানুহবোৰক, কাৰণ সিহতক চোচাইটিয়ে চিনি নপায় , কিয়নো সিহতে কথাবাৰ্তা বোৰ ভালকৈ কব নোৱাৰে ....

সিহঁতে কি জানে, জানেনে ...??

খুব ভালদৰে ভালপাবলৈ জানে ..... কিন্তু সেই ভালপোৱা প্রকাশ কৰিব নাজানে .... মনৰ ভিতৰতে খুব যত্ন কৰি ভালপোৱা মানুহজনক সর্বোচ্চ আসন দিবলৈ জানে , কিন্তু সিহতে সেয়া দেখুৱাব নাজানে ....!!

হয়তো সিহতে বাৰে বাৰে ঠগ খাইছে , কিন্তু সিহঁতৰ ভালপোৱাত কাকো ঠগোৱা নাই ....ভালপালে কোনো প্ৰতাৰিত নহয় ....

এনে মানুহ তোমাৰ আশেপাশেই আছে, যোৱা এবাৰ সিহঁতৰ কাষত .... প্রথমে হয়তো সিহতে একো নকব .... কিন্তু লাহে লাহে কব সকলো গল্প .... সিহঁতৰ প্রতিটো কথাই নতুন কৈ তোমাক ভাবিবলৈ শিকাব .... সিহঁতৰ প্রতিটি কথাতে আছে যে অক্সিজেন,... তুমি বাচি থকাৰ সপোন নেদেখিবাই নো কিয়। .....!!
64 views07:48
ओपन / कमेंट
2021-06-29 10:47:17 এবাৰ এজন বুদ্ধিজীৱী এখন ষ্টেচনাৰী দোকানলৈ গৈ প্ৰশ্ন কৰিলে , "আপোনাৰ তাত ডায়মণ্ড বলপেন আছে নেকি ?"

চেলচমেনজনে উত্তৰ দিলে , “না, নাই ”।

বুদ্ধিজীৱী জন গুচি গল ।অলপ সময় পিছত আকৌ ঘুৰি আহি কলে , "বেলেগ বল পেন আছেনে?"
চেলচমেনজনে বিনয়েৰে উত্তৰ দিলে, “আছে smart gel, writo Metter, cello, todays..... আৰু বহুতো ।”

বুদ্ধিজীৱি জনে কলে , "চেলচমেনশ্বিপ কি? যেতিয়া মই সুধিলো , তোমাৰ কোৱা উচিত আছিল যে ডায়মন্ড পেন নাই , কিন্তু , smart gel, writo Metter, cello, todays.ইত্যাদি আছে। মনত ৰাখিবা ক্রেতাই লক্ষ্মী।"

চেলচমেনজনে মুৰ তল কৰি কলে , "দুঃখিত sir , আৰু ভুল নকৰো "

কেইদিনমান পিছত বুদ্ধিজীৱীজনে সেইখন দোকানত আহিলে কলে , “টয়লেট পেপাৰ আছে নেকি?”

চেলচমেনজনে বিনয়েৰে উত্তৰ দিলে , “sir, টয়লেট পেপাৰ আজি শেষ হৈ গল। কিন্তু , চিৰিচ পেপাৰ আছে । দিও নেকি"
54 views07:47
ओपन / कमेंट
2021-06-29 10:46:44 –এটা সময় আছিল অকলশৰে স্কুললৈ যাবলৈ মই ভয় কৰিছিলো , আজি অকলশৰীয়া হৈ গোটেই জগত ঘুৰি ফুৰো
– আগতে স্কুলত ভাল ৰিজাল্টৰ কাৰণে পঢ়িছিলো , আজি টকা ঘটাৰ কথাবোৰ চিন্তা কৰো ।
– আগতে সৰু আঘাত পালেই কান্দিবলৈ লৈছিলো , আজি ভঙা হৃদয় লৈও হাঁহিবলৈ শিকিছো।
– আগতে বন্ধুৰ বাবে প্রাণ দিয়াৰ শপত খাইছিলো, আজি সেই বন্ধুবোৰই কিমান যে দূৰত গুচি গল ।
– আগতে ইমান কাজিয়া কৰিলেও শেষত একেলগ হৈছিল , কিন্তু আজি সৰু সৰু কথাৰ বাবেই মোৰ ডাঙৰ সম্পর্ক শেষ হৈ যায়।
.
সচাকৈ জীৱনে মোক বহুত কথা শিকাই দিলে, এইবোৰ বুজি পোৱাৰ আগতে মোৰ জীৱনটো কিমান যে আগুৱাই গল । এদিন ডাঙৰ হোৱাৰ স্বপ্নত দিন পাৰ কৰিছিলো। আজি এটাই দুঃখ কিয় মই শৈশৱক হেৰুৱালো

#Rifat
51 views07:46
ओपन / कमेंट
2021-06-29 10:45:40 "মা" ৰ গাত এক ধৰণৰ গোন্ধ থাকে। কষ্টৰ গোন্ধ, ঘামৰ গোন্ধ, মৰম আদৰৰ গোন্ধ, মছলাৰ গোন্ধ, ভালপোৱাৰ গোন্ধ, সন্তানক লৈ উদ্বিগ্নতাৰ গোন্ধ । সকলোখিনি মিলি মাৰ মাজত থাকে মা মা গোন্ধ।
প্ৰতিটো সন্তানেই জীৱনত পায় সেয়া গোন্ধ।

আশনা
47 views07:45
ओपन / कमेंट
2021-06-29 10:45:22 সিদিনা হঠাৎ পুৰনি ষ্টেটাচ এটা দেখা পাইছিলো । তাত কমেন্ট কৰা বহুতো বন্ধুই এতিয়া আৰু মোৰ ফেচবুকত নাই। ব্যস্ততাৰ ভীৰত বাস্তবতাৰ লগত নিজকে সপি দিছে।
মেছেঞ্জাৰত তলত পৰি ৰোৱা মেছেজবোৰ হঠাৎ যেতিয়া পঢ়িম হয়তো কাৰোবাৰ কাৰণে বুকুৰ বাওঅংশত সামান্য ব্যথা অনুভূত হব পাৰে নিজৰ অজান্তেই!
হঠাৎ ভার্চুয়াল জগতত প্রিয় হৈ পৰা বন্ধুজনো একদিন হেৰাই যাব ! এদিন মেছেজ নিদিলেও খং কৰা মানুহজনেও মাহৰ পিছত মাহ ধৰি মেছেজৰ ৰিপ্লাই দিয়াৰ সময় নাপাব। বাস্তবতাৰ ওচৰত আমি সকলোৱে পৰাজিত!
- -
.... তাৰপিছতো ৰাতিৰ আন্ধাৰে আন্ধাৰে কিছু স্মৃতি সংগোপনে বৈ আহে আৰু আমিবোৰক ডুবাই উটুৱাই লৈ যায় কোনো আজান সাগৰৰ দিশত....
সঁচাকৈয়ে মোৰ চহৰখনৰ সকলোখিনি সলনি হৈ গ'ল
49 views07:45
ओपन / कमेंट
2021-06-29 10:44:01 মই হস্পিতেল এখনত সৰু এটা জব কৰো। মাজে মাজে নাইট ডিউটি। পুৱতি নিশা শেষ হয়। মু্ক্ত হও মই । কিন্তু শেষ হলেই জীৱনটোৰ ওপৰত আহে নানা চিন্তাৰ হেচা। এটা সময়ত ভাবিছিলো পঢ়া শেষ হোৱাৰ পিছতে জীৱনটো খুবেই ভাল হৈ যাব। এটা চাকৰি কৰিম। ঘুৰিম ফুৰিম বিন্দাচ জীৱন.। অথচ তেনে নহয়। পঢ়াৰ শেষত দৰাচলতে জীৱনটোত আৰু বেছিহে চিন্তা। বেছি প্ৰেছাৰত মোৰ দৰে লৰাবোৰে পাহৰি যায় পৃথিৱী খনত নিজৰ বুলি ভাবিবলৈ নিজৰো এক নিজস্ব অস্তিত্ব আছে। ... অনুৰাধা ... অনুৰাধাক লৈ বহু বছৰ মই এই গল্প লিখা নাই। আজি দুদিনমান ধৰি বৰষুণ দি আছে বাবেই হয়তো মনটোও সেমেকি আছে। দুদিন নহয় কালি ৰাতিৰ পৰাই। এজনী ছোৱালীয়ে তেঁওৰ প্ৰিয় মানুহজনৰ পৰা কি বিছাৰে? এই প্ৰশ্নটো যেতিয়া মোৰ মনলৈ আহিছিল এটা সময়ত মই নিজকে খুবেই দুৰ্যোগস্থানত অৱস্থাত আবিস্কাৰ কৰিছিলো। ছোৱালী দুৰ্বলতা কাপোৰত। ছোৱালীৰ দুৰ্বলতা গা গহনাত। আচলতে মোৰ অনুৰাধাক এক অপ্সৰাৰ দৰে সজাই তোলাৰ বাবে কি যে কৰিব খোজা নাছিলো। কিন্তু তাৰ পিছতো মই সুখী হোৱা নাছিলো।....

কালি ৰাতি মই কাম কৰা হস্পিটেলখনলৈ এজন ডেলিভাৰীৰ পেছেন্ট আহিল.। মহিলাগৰাকীৰ স্বামী ৰিক্সা চলায়। কষ্টত তাই চিৎকাৰ কৰি আছে। ডাক্টৰে নাৰ্চক কলে পেছেন্টক লেবাৰ ৰুমলৈ লৈ যাওক। কিন্তু মহিলাগৰাকীয়ে স্বামীৰ হাতখন এৰি দিয়া নাই। তাই হাজবেণ্ডক কলে" মোৰ খুব ভয় লাগিছে, আপুনি মোৰ হাতখন এৰি নিদিব।" তেওঁ মোক সুধিলে "ছাৰ মই কি একেলগে ভিতৰলৈ যাব পাৰিম নে?.." না লেবাৰ ৰুমত ১০-12 জন ৰোগী আছে। তাত আমি আপোনাক সোমাব দিব নোৱাৰো"। ৰিক্সাৱালাজনে আকৌ পত্নীক কলে .. " তুমি কোনো চিন্তা নকৰিবা । তুমি ভিতৰলৈ যোৱা। মই বাহিৰত ৰৈ আছো। তুমি মনত ভাবিবা মই তোমাৰ কাষতেই আছো। ভগবানক ভৰষা কৰা।" মহিলাগৰাকীয়ে কষ্টৰ মাজতো উজ্বল হাহি এটা মাৰি কৈ দিলে" মই জানো আপুনি সকলো সময়তে মোৰ কাষতে আছে।" মানুহজন ঠিক তেনেকৈ বাহিৰত অপেক্ষা কৰি থাকিল।

কাষত থিয় হৈ মই সকলো প্ৰত্যক্ষদৰ্শী হৈ আছিলো। তেতিয়াই মই বুজিলো। এজনী স্ত্ৰী তাইৰ স্বামীৰ পৰা একমাত্ৰ এটা বস্তুৱেই বিচাৰে। তাইৰ স্বামী যেন আজীৱন তাইৰ লগতে থাকে। নিজৰ প্ৰতি ধিক্কাৰ উপজিল। দুদিন আগতে মই এটা নিউজ পঢ়িছো। ট্ৰাক চলোৱা লৰাজনে পত্নীক লৈ হেনো গুৱাহাটীত ট্ৰাক চলাই ফুৰিছে। কি যে কমেন্ট কৰা নাছিলো তাক লৈ। ছি। ছি । শেষ ৰাতি এতিয়াও মহানগৰীৰ সূৰ্যোদয় হোৱা নাই। ষ্টেচনৰ কাষত ফুটপাথত দোকান এখন এতিয়াও খোলা আছে। পুৱতি নিশা পাৰ হৈ যেন পোহৰ হৈ আহিব। ১০ টকাৰ গৰম পকৰা লৈ মই অনুৰাধাৰ কাষলৈ গলো। কলিংবেল বজালো। তাই খুলি দিলে দৰ্জা। চকু দুটি থিক মোৰ দৰেই হৈ আছে তাইৰো। হয়তো ৰাতি তাইও শুৱা নাই। বিচনাৰ একোনত পেকেটতো থৈ বহাতে তাইও মোৰ কাষত বহিল। মুৰটো মোৰ বাওকান্ধত থৈ কলে। "কালি ৰাতি টোপনি নাহিল।বৰষুণ বাবে ভীষণ ভয় লাগিছিল।" হাতখনেৰে তাইক সাবটি কপালত চুমা এটা খাই কলো

"ধুৰ পগলী, ভয় কিয় কৰা আছো নহয় মই সদায় তোমাৰ কাষত। "


স্বপ্ননীল আকাশ
46 views07:44
ओपन / कमेंट
2021-06-29 10:43:30 কওকচোন কিমানজন লৰাই এবাৰো নভবাকৈ কব পাৰিব , আজি তেওঁৰ গার্লফ্রেণ্ড ধর্ষণৰ চিকাৰ হলেও তেঁও গার্লফ্রেন্ডক বিয়া কৰিবলৈ ৰাজি হব ?
..
..
কওকচোন কিমানজনী ছোৱালীয়ে এবাৰো নভবাকৈ কব পাৰিব , তাইৰ বয়ফ্রেণ্ড আজি দুৰ্ঘটনাত এখন হাত বা এখন ভৰি হেৰুৱালেও তেওঁৰ সৈতে বিয়াত বহিবলৈ ৰাজি হব ? ..
...
এই দুটি প্রশ্নৰ দেৱাল খনে বহুতকে বুজাই দিয়ে ভালপোৱা আৰু ৰিলেশ্বনৰ মাজত থকা খোকোজাখিনিক
..
..
বেয়া কিবা ঘটি গলে সেই মানুহজনক লৈ যদি আপুনি টিকি থকাৰ মানসিকতা নাথাকে তেন্তে সেয়া একমাত্ৰ ৰিলেশ্বন, ভালপোৱা নহয়
..
..ৰিলেশ্বন হৈছে , দহজনক দেখি আপুনি এজনক বাচি লৈছে তাকো তেঁওৰ গ্ৰহণযোগ্যতাখিনি বিচাৰ কৰি।
আৰু যেতিয়া দুর্ভাগ্যবশত তেওঁৰ গ্রহণযোগ্যতা কমি গল আপুনিও পাহৰি গল ।
..

Follow for more post https://t.me/jonakaxom
..
ভালপোৱাত গ্রহণযোগ্যতা বা অগ্রহণযোগ্যতাক লৈ একো নাহে
..
লৰাটো এতিয়াও বেকাৰ। ইফালে ছোৱালীজনীৰ বিয়াৰ সম্বন্ধ আহিছে । ছোৱালীজনী নানা অজুহাত দেখুৱাই বাৰে বাৰে বিয়া ভাঙি আছে। ৰাতি সাৰে থাকি চিন্তাত চকুত কলা দাগ পৰা ছোৱালীজনীৰ গল্পটো বহুতে নাজানে।
এয়া ভালপোৱা..
..
..
বাৰে বাৰে সুন্দৰী ছোৱালী প্রস্তাব প্ৰত্যাখান কৰি লৰাটোৱে তেওঁ কলা চালৰ ছোৱালীজনীৰ সৈতেই সুখ বিচাৰি পায়। এয়াই ভালপোৱা .. .

স্বামীৰ পাঁচবছৰ জেল হৈছে । প্রতিদিন সাক্ষাৎ কৰিবলৈ নিদিয়ে বুলি জানিও পত্নী ৰাতিপুৱা গৈ জেলখানাৰ গেটত বহি থাকে । এয়াই ভালপোৱা.. ..
..
এচিড আক্ৰমণৰ বলি হোৱা পত্নীগৰাকীৰ মুখনি চিনি পোৱা নাযায়। তাৰপিছতো স্বামীৰ বাবে সেই ছোৱালীজনী এতিয়াও ৰাজকন্যা । এয়াই ভালপোৱা..
..
..
শেষকথা, ৰিলেশ্ব্যনশ্বিপত অহাটো সস্তীয়া আৰু সহজ কাম। আজি ৰিলেশ্বন , কালি ৰিলেশ্বন শ্বিপ ষ্টেটাছ দিয়া , পিছদিনা ঘুৰিবলৈ যোৱা , দুয়ো প্ৰেমক যুগল হৈ ফটো আপলোড কৰি ৰোমান্টিক কেপচন লিখা ,কথাই কথাই love u কোৱা এইবোৰ সকলোৱে পাৰে ..
..
..
সকলোৱে কৰিব । কিন্তু ভালপাবলৈ সকলোৱে নোৱাৰে ।
যত ভালপোৱা আছে,তাত নিজৰ সৈতে এটা
honest কমিটমেন্ট
আছে।
..
- আৰু সেইটো হ'ল ..
"যিয়েই নহওঁক কিয় , কাজিয়া কৰি হলেও শেষ পৰ্যন্ত মানুহজনৰ লগত থকাটো। এই শেষ সময়খিনিলৈ ৰবলৈ বহুতে নোৱাৰে।"


শ্বেয়াৰ কৰিব পাৰে

(কপি নকৰে যেন)
46 views07:43
ओपन / कमेंट
2021-06-29 10:42:24 এটা সময় আছিল মোৱাইলত ফোন নাম্বাৰৰ সংখ্যা বহুত কম আছিল। মাত্ৰ কেইজনমান বিশেষ মানুহ। এটা বিশেষ নাম্বাৰতে ধনী হৈ আছিল হোৱাটচএপটো। বিশেষ নাম্বাৰটোৱে আকৌ বিশেষ বিশেষ অভিযোগ বিশেষ বিশেষ অভিমান লৈ ফুৰিছিল। এই অধিকাৰবোৰ পুৰ কৰি কৰি কেতিয়াবা মই আকাশ হৈ গৈছিলো । কেতিয়াবা একেবাৰে শেষৰাতি বৰষুণ হৈ তিতাই দিব লগা হৈছিল শিতানৰ গাৰুটো । কেতিয়াবা অনৰ্গল কথা কৈ আছিল নাম্বাৰটোৱে আৰু চুপ চাপ শুনি গৈছিলো মই। সপোন হৈ দৌৰি ফুৰিছিলো মই দুচকুত, লৈ উভতিছিলো স্বপ্নীল আকাশ।
" মই মৰি গলে তুমিও পাগল হৈ যাবা নহ "। সিদিনাও একো কোৱা নাছিলো। চুপ চাপ হৈ থাকি ভাল লাগে। কেতিয়াবা শব্দৰ ভীষন দুখীয়া হৈ পৰো। আজি চোৱানা শব্দৰে ধনী মই। আজি হাজাৰটা ফোন নং । অথচ বিশেষ মানুহ নাই। প্ৰেম আছে বুকু ভৰি, অথচ ফিলিংছ কাৰো প্ৰতি নাই।এয়াই মই। হয়তো কোনো সীমনাত হেৰাই থাকিল মোৰ স্বপ্ননীল আকাশৰ জোনাক

স্বপ্ননীল আকাশ
44 views07:42
ओपन / कमेंट
2021-06-29 10:41:48 এটাসময়ত নিচেই কাষৰ মানুহজনো অচিনাকি হৈ যায়। এটা সময়ত যাৰ সৈতে কথা পাতি পাতি মোবাইলৰ বেটেৰী low হৈ গৈছিল আজিকালি তেওঁৰ সৈতে সপ্তাহ মাহ বহুদিন পাৰ হৈ যোৱা পিছতো একমিনিটৰ কথা নহয়। যাৰ লগত মেছেঞ্জাৰত মেছেজৰ জোৱাৰ উঠিছিল তেওৰ সৈতে এতিয়া কিছু কৰ্তব্যমূলক মেছেজেৰে সম্পৰ্ক পালন কৰা হয়
হাই, হেলো, হুম, মিচ ইউ এইচব।
মেছেজৰ দুইমুৰত থকা দুয়োজন মানুহে বুজিবলৈ পাৰে আগৰ সেই মিচ ইউ আৰু আজিকালিৰ মিচ ইউৰ আকাশ পাতাল পাৰ্থক্য।
দিনৰ শেষত এয়া নকলে নহয় বাবেই কোৱা হয়। দুয়োজনে বুজে আৰু সকলোখিনি একেদৰে ৰাখিব খোজে কিয়নো এতিয়া হৈ পৰিছে এয়া স্বভাব।....
আশেপাশে থকা বহু মানুহৰ সম্পর্ক নষ্ট হোৱা দেখিছো । বেছিভাগ ৯০% সম্পর্ক নষ্ট হয় সময়ৰ অভাবত। বিষয়টো এয়া নহয় যে তাত ভালপোৱা নাথাকে। বিষয়টো এনে হয় যে এজন খুব ব্যস্ত থাকে... দিনৰ শেষত ক্লান্ত মনত তেওঁৰ ভালপোৱা আকৌ আগৰদৰে নাজাগে।অন্যফালে আনজন চাতক পখীৰ দৰে সেই মানুহজনৰ অপেক্ষাত থাকে। অভিমানত গাল ফুলাই। তেও যি আশা কৰে তেনেদৰে মানুহজনক এতিয়া নপায়।
অন্যফালে থকা মানুহজনৰ ক্লান্ত শৰীৰে আজিকালি অভিমানবোৰ অসহ্য লাগে... দুয়োজনৰ মাজত লাহে লাহে বাঢ়ি আহে দুৰত্ব।বহুসময়ত এই দুৰত্বই বহুতৰ জীবনত ভয়াবহ ৰূপ লয় ।

Follow for more post https://t.me/jonakaxom
প্রকৃতিয়ে শুন্য স্থান পুৰ কৰিবলৈ বিছাৰে। এই অপ্রিয় সত্য টো মানিব লগীয়া কথা আছে।
বহুক্ষেত্ৰতে দেখা যায় অপেক্ষা কৰি কৰি নিসংগ সময় কটাই বহুতে নতুন বন্ধু বান্ধৱৰ সৈতে কথা কবলৈ ধৰে। লাহে লাহে তেওঁ এইবোৰ মানুহৰ প্ৰতি আকৃষ্ট হৈ পৰে । কাৰণ মানুহ এনে এক প্রানী যিয়ে তেওঁৰ মন বেয়া সময়ত কোনোবা নিচেই কাষত বিছাৰে। যেতিয়া কোনোৱে তেওৰ সংগ দিয়ে তেতিয়া নতুন মানুহজন হয় তেওঁৰ ভাললগাৰ অংশ। অন্যদিশত ব্যস্ত থকা মানুহজনে ভাবে কি হল। মোক মিচ কৰা মানুহটোৱে আজিকালি মোক মিচ নকৰা হল। মোৰ বাহিৰে অন্য কোনো পালে নেকি যাৰ বাবে মোক ভাল নোপোৱা হল। বাস্তৱ সত্য এয়াই এই উপলব্ধি যেতিয়া আহে তেতিয়া বহুত দেৰি হৈ যায়। বহুত দেৰি।
অসংখ্য সম্পর্ক ভাঙি গৈছে এই কাৰণত ।
দুজন অবিবাহিত লৰা ছোৱালী ক্ষেত্ৰতেই নহয়, বহু দাম্পত্য জীৱন পৰকীয়া প্ৰেমত ধংস হোৱাৰ মুল কাৰণ হল সময়।কাৰণ ভালপোৱা হয় মনৰ গভীৰৰ পৰা আৰু হৃদয়ে আমাৰ অৱহেলা সহ্য কৰিব নোৱাৰে। আৰু তেতিয়াই অপৰাধৰ জন্ম হয়। আবিৰ্ভাৱ হয় ৩য় ব্যক্তি ৰ যি খুবেই কষ্টদায়ক, বেদনাদায়ক সেই ভালপোৱাৰ বাবে।
যিকোনো সম্পর্কৰ ক্ষেত্রত সময়ে সকলোতকৈ উল্লেখযোগ্য স্থানত অবস্থান কৰে । আপোনাৰ প্ৰিয়জন হওক বা পত্নী/পতি বা বন্ধুই হওক সম্পৰ্কটোক সময় দিয়ক। আন্তৰিকতা বজাই ৰাখক । প্রিয় জনক উপহাৰ দিয়াৰ বাবে পৃথিবীত সকলোতকৈ সুন্দৰ উপহাৰ হল সময়।

---ifra

(ভাল লাগিলে শ্বেয়াৰ কৰকচোন আৰু লিখনিটো সকলোকে পঢ়াৰ সুবিধা দিয়ক ।কপি নকৰে যেন)
48 views07:41
ओपन / कमेंट
2021-06-29 10:40:19 কেতিয়াবা মন কৰিছানে, তোমাৰ ফোনৰ কন্টেক লিষ্টৰ কিছুমান মানুহ এতিয়া তোমাৰ পৰা অৱহেলিত। তেওঁলোকক কেতিয়া শেষ মেছেজ বা ফোন কল কৰা হৈছিল সেয়া হয়তো তোমাৰো মনত নাই। কিছুমান চিনাকি মানুহ নতুনৰ এই ভিৰবোৰৰ মাজত পৰি এনেদৰেই হেৰাই গৈছে। অলপ মন কৰিলে দেখা পাবা তুমি নিজেই তেঁওলোক কিছুমানৰ পৰা অৱহেলিত। কিছুমানে তোমাক গুৰুত্ব নিদিয়ে। হয়তো এদিন এনেদৰে তলত সোমাই গৈছা তুমিও । কিছুমানক তুমি ইচ্ছা কৰিলেও এতিয়া ফোন কৰিবলৈ হাত কপে। কপিবই কিয়নো তেওলোক এতিয়া আগৰদৰে নাই। একে নামৰ এক ভিন্ন চৰিত্ৰ । তাৰ মাজত আছে কিছুমান প্ৰিয় মানুহ যাক তুমি এৰি আহিছা একমাত্ৰ তেওলোকৰ সুখৰ বাবে। আৰু কিছুমান এনেকুৱা যিবোৰ কোনো কাৰণ বিহীন ভাবেই হেৰাই গৈছে তোমাৰ মাজৰ পৰা।... কেতিয়াবা তুমি ভাবানে? থিক একেদৰেই মই এদিন যদি তোমাৰ পৰা হেৰাই যাঁও। বিচাৰি ফুৰিবানে মোক .। নে একেদৰে আগৰ মানুহবোৰৰ দৰে তুমিও সেই একেই মুভ অন হৈ যাবা।... মোৰ ফোনৰ চিনাকি অথচ অচিনাকি নং এটা হৈ।

স্বপ্ননীল আকাশ
43 views07:40
ओपन / कमेंट